প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনৰ পবিত্ৰ স্মৃতিৰ লগত সংগতি ৰাখি ‘আমি অসমীয়া’ৰ উদ্যোগত আয়োজন কৰা ‘জুবিন গাৰ্গ স্মৃতি দিৱস ২০২৬’ৰ অন্তৰ্গত জুবিন সংগীত প্ৰতিযোগিতা আৰু স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।
আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ প্ৰতি আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি আৰু উৎসাহ দেখি আমি সঁচাকৈয়ে আপ্লুত আৰু কৃতজ্ঞ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলৰ অংশগ্ৰহণ তথা দৰ্শক-শ্ৰোতাৰ মৰম আৰু সহযোগিতাই আমাক আগবাঢ়ি যোৱাৰ নতুন ইন্ধন যোগাইছে।
মুখ্য সম্পাদকৰ কলমৰ পৰা
নমস্কাৰ,
জুবিন গাৰ্গৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা আমাৰ জুবিন সংগীত প্ৰতিযোগিতা, আৰু স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আজি ফলাফল ঘোষণাৰ দিন। আনহাতে, পৰ্যাপ্ত সংখ্যক প্ৰতিযোগীৰ অভাৱত চিত্ৰাংকন প্ৰতিযোগিতাৰ সময়সীমা ৩১ ডিচেম্বৰ ২০২৬ তাৰিখলৈ বৃদ্ধি কৰা হৈছে।
আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ প্ৰতি আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি আৰু উৎসাহ দেখি আমি সঁচাকৈয়ে আপ্লুত আৰু কৃতজ্ঞ। আপোনালোকৰ এই মৰম আৰু সহযোগিতাই আমাক আগবাঢ়ি যোৱাৰ ইন্ধন যোগায়।
ইতিমধ্যে জুবিন সংগীত প্ৰতিযোগিতাৰ শীৰ্ষ ১০ গৰাকী আৰু স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰা হৈছে। এই সফলতাৰ বাবে আটাইকেইগৰাকী প্ৰতিযোগীলৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বিচাৰকৰ আসনত বহি সিদ্ধান্ত লোৱাটো খুবেই কঠিন। বিশেষকৈ যেতিয়া প্ৰতিগৰাকী প্ৰতিযোগীয়ে নিজৰ প্ৰতিভা, দক্ষতা আৰু প্ৰদৰ্শনেৰে আনজনক সমানে সমানে প্ৰত্যাহ্বান জনায়, তেতিয়া মূল্যায়ন কৰাটো কঠিন প্ৰত্যাহ্বান হৈ পৰে।
তথাপিও, প্ৰতিযোগিতাৰ নিয়ম অনুসৰি যিহেতু প্ৰতিটো বিভাগত এগৰাকী প্ৰতিযোগীকহে বিজয়ী হিচাপে নিৰ্বাচিত কৰিব পৰা যায়। সেয়েহে বিচাৰক মণ্ডলীয়ে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠি, প্ৰদৰ্শনৰ মানদণ্ড আৰু সামগ্ৰিক মূল্যায়নৰ ভিত্তিত প্ৰতিটো বিভাগৰ পৰা এগৰাকীকৈ প্ৰতিযোগীক চূড়ান্ত বিজয়ী হিচাপে ঘোষণা কৰা হ’ল।
আমি প্ৰতিগৰাকী প্ৰতিযোগীৰ প্ৰতিভা আৰু প্ৰচেষ্টাক সন্মান জনাইছোঁ। যিসকল প্ৰতিযোগীয়ে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোক যেন হতাশ নহয়। অংশগ্ৰহণ কৰাটোৱেই এক সাফল্য। অনাগত দিনত আকৌ আপোনালোকে দক্ষতা প্ৰমাণ কৰাৰ সুযোগ নিশ্চয়কৈ পাব।
সদৌশেষত, প্ৰতিগৰাকী প্ৰতিযোগীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ!
ধন্যবাদ।
জয় জুবিন দা।
চূড়ান্ত বিজয়ীসকলৰ তালিকা (Zubeen Garg Smritidivas 2026 Winners)
প্ৰতিযোগিতাৰ নিয়ম অনুসৰি ৪০% ছ’চিয়েল মিডিয়াৰ সঁহাৰি (লাইক, শ্বেয়াৰ আৰু কমেণ্ট) আৰু ৬০% জুৰী মণ্ডলীৰ মূল্যায়নৰ ভিত্তিত প্ৰতিটো বিভাগৰ পৰা এগৰাকীকৈ চূড়ান্ত বিজয়ী নিৰ্বাচন কৰা হৈছে। বিজয়ী দুয়োগৰাকীয়ে লাভ কৰিব ₹৫,০০০/- (পাঁচ হাজাৰ টকা) কৈ নগদ পুৰস্কাৰ।
| প্ৰতিযোগিতাৰ বিভাগ | চূড়ান্ত বিজয়ীৰ নাম | ঠিকনা / শিক্ষানুষ্ঠান | পুৰস্কাৰ |
| জুবিন সংগীত প্ৰতিযোগিতা | প্ৰস্তুতি হাজৰিকা | মৰিগাঁও | ₹৫,০০০/- |
| স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা | ডেইজী বৈশ্য | শুৱালকুছি | ₹৫,০০০/- |


শীৰ্ষস্থানপ্ৰাপ্ত প্ৰতিযোগীসকল (Top Finalists)
চূড়ান্ত বিজয়ীৰ লগতে এই প্ৰতিযোগিতাত নিজৰ অনবদ্য প্ৰতিভাৰে স্থান লাভ কৰা শীৰ্ষ প্ৰতিযোগীসকললৈও আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ:
১. জুবিন সংগীত প্ৰতিযোগিতা (শীৰ্ষ ১০ গৰাকী)
| প্ৰতিযোগীৰ নাম | প্ৰতিযোগী নং |
|---|---|
| Hrishikesh Sarma | 109 |
| Arindam Sarma | 80 |
| Priyanka Saikia | 123 |
| Niharika Alam | 93 |
| Bishnupriya Hazarika | 34 |
| Pragya Konwar | 27 |
| Prastuti Hazarika | 14 |
| Kaberi Phukan | 107 |
| Gargi Gogoi | 30 |
| Piyush Talukdar | 03 |
২. স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা (শীৰ্ষ ৫ গৰাকী)
| প্ৰতিযোগীৰ নাম | প্ৰতিযোগী নং |
|---|---|
| Piki Parbin | 25 |
| Himadri Tanaya | 19 |
| Daisy Baishya | 15 |
| Arju R Ahmed | 20 |
| Juhita Kalita | 12 |


বিশেষ দ্ৰষ্টব্য (Note): চূড়ান্ত বিজয়ী এগৰাকীৰ বাহিৰে শীৰ্ষ ১০ আৰু শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীৰ নামসমূহ কোনো ক্ৰম বা স্থান অনুসৰি (Serial/Rank Order) সজোৱা হোৱা নাই। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি কেৱল চূড়ান্ত বিজয়ীৰ নামহে ঘোষণা কৰা হৈছে আৰু বাকীসকলৰ ব্যক্তিগত স্থান ৰাজহুৱা নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।
গুৰুত্বপূৰ্ণ ঘোষণা: চিত্ৰাংকন প্ৰতিযোগিতাৰ সময়সীমা বৃদ্ধি
পৰ্যাপ্ত সংখ্যক প্ৰতিযোগীৰ অভাৱত চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০২৬ লৈ বৃদ্ধি কৰা হৈছে। যিসকল আগ্ৰহী শিল্পীয়ে এতিয়াও অংশগ্ৰহণ কৰা নাই, তেওঁলোকে জলৰং, এক্ৰিলিক, অইল পেষ্টেল বা ক্ৰেয়ন ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ জীৱন বা সংগীতৰ ওপৰত আধাৰিত মৌলিক শিল্পকৰ্ম প্ৰেৰণ কৰিব পাৰিব।
- অংশগ্ৰহণৰ অন্তিম তাৰিখ: ৩১ ডিচেম্বৰ ২০২৬
- নগদ পুৰস্কাৰ: ₹৫,০০০/-
- প্ৰেৰণৰ মাধ্যম: আমাৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম হেণ্ডেল অথবা
amiasomiyadigital@gmail.comই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব। (সৱিশেষ নিয়মাবলীৰ বাবে মূল প্ৰতিযোগিতাৰ পৃষ্ঠাটো চাওক।)
বিজয়ীসকলৰ বাবে বিশেষ জাননী
চূড়ান্ত বিজয়ী দুয়োগৰাকী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদানৰ বাবে আমাৰ ‘আমি অসমীয়া’ দলৰ তৰফৰ পৰা অতি সোনকালে যোগাযোগ কৰা হ’ব। যিকোনো তথ্য বা সহায়ৰ বাবে আমাৰ সৈতে +91-9706843762 নম্বৰত অথবা ngo.amiasomiya@gmail.com যোগে যোগাযোগ কৰিব পাৰিব।
পুনৰবাৰ সকলো প্ৰতিযোগী, বিচাৰক মণ্ডলী আৰু আমাৰ শুভাকাংক্ষীসকলক অশেষ ধন্যবাদ জনালোঁ।
জয় আই অসম! জয় জুবিন দা!


